পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

পাছে বিশ্বামিত্ৰক দেখিলা নৰনাথ।
দশন কামুৰি ঋষি ঝঙ্কাৰম্ভ মাথ॥
মহাক্ৰোধে জ্বলে দেহা যেন অগ্নি পঞ্চ।
আৰকত চক্ষুক ফুৰান্ত যেন গুঞ্চু॥ ৭৭
শৰীৰৰ পৰাগোটে বহি যাই ঘৰ্ম্ম।
চাহান নজাই যেন কালান্তক যম॥
থাক থাক বুলি দিল আঙ্গুলি নিসান।
দেখি নৃপতিৰ ভৈল অন্তৰীক্ষ প্ৰাণ॥ ৭৮
আথে বেথে ঘোডাৰ নামিল নৰোত্তম।
উষ্ঠ কণ্ঠ সুখাইল মুখত নাহি পম॥
আছাৰিয়া পেলাইলা হাতৰ শৰ ধনু।
মহাভযে প্ৰবেশিল থিৰ নুহি তনু॥ ৭৯
কাম্পে হাত পাৱ সবে শৰীৰ তৰাসে।
যেন অশ্বথৰ পত্ৰ পছোৱা বতাসে॥
দণ্ডৱতে পডি ৰাজা কৰন্ত কাতৰ।
নজানিযা তোমাক বুলিলো অনুত্তৰ॥ ৮০
আৰ্ত্তনাদ শুনিলোহো স্ত্ৰীৰ বনত।
কোনো দুৰ্ব্বল কৰে মোহোৰ মনত॥
সিকাৰণে খেদি আইলো ধৰি শৰ চাপ।
দিয়োক অভয় ক্ষমা কৰা ঋষি বাপ॥ ৮১