পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
হৰিশ্চন্দ্ৰ উপাখ্যান।

শুনিযোক নৰ লোক,   কলিত সদগতি হোক,
  হৰি হৰি বোলা নিৰন্তৰে॥ ৬৭

⸺:০:⸻

পদ।

পক্ষি গণ বদতি শুনিযো মহামুনি।
খেদি যান্ত ৰাজা যেবে আৰ্ত্তনাদ শুনি॥
সেহি বেলা মনে আলোচন্ত বিঘ্নিবাজ॥
পাইলো সন্ধি আবে মোৰ সিদ্ধি ভৈলকাজ॥ ৬৮
তপে দিপ্য মান বিশ্বামিত্ৰ মহা ঋষি।
মহাবিদ্যা সাধন্ত নিৰ্জ্জন বলে বসি॥
ব্ৰহ্মাৰো অসাধ্য ইটো বিদ্যামনে গমি।
ধৰিলন্ত মহাব্ৰত ক্ৰোধক নিয়মি॥ ৬৯
সহিবে নপাৰি তাৰ তেজৰ প্ৰভাৱ।
স্ত্ৰীৰূপে বিদ্যাগণে কৰে আত্তৰাৱ॥
নজানিসে খেদি যান্ত নৃপতি অবোধ।
আৰ নিন্দা বানি শুনি উঠিগৈলা ক্ৰোধ। ৭০
মোক অপমান লগাই আছে দুৰাচাৰ।
এহি সময়তে আজি সাধো প্ৰতিকাৰ॥
ঋষিৰ হাতত কৰো ৰাজ্যৰ উচ্চেদ।
তেবেসে খণ্ডিবে মোৰ হৃদয়ৰ খেদ॥ ৭১