পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

হেন নাহি একো নৰে,   পাপত কুচৰ্চ্ছা কৰে,
  সাক্ষাতে প্ৰজাৰ মাৱ বাপু॥ ৫৭
লোকৰ একান্ত মতি,   কৰন্ত ভকতি নীত,
 ৰাজাৰেসে চিন্তৈ হীত কাৰ্য্য়।
দেবতো মাগন্ত বৰ,   হৰিশ্চন্দ্ৰ নৰেশ্বৰ,
  যুগে যুগে কৰন্তোক ৰাজ॥
সব্যা পটেশ্বৰী যাৰ,   স্ত্ৰীৰত্ন মাজে সাৰ,
  যেন লক্ষ্মী কৃষ্ণৰ ওচৰ।
গুণত যে হেন বিধি,   যেহি বাঞ্চে সেহি সিদ্ধি,
  ভোগে যেন দুতি পুৰন্দৰ॥ ৫৮
এহিমতে অযোধ্যাত,   আছাযেবে নৰ নাথ,
  দিনেক মন্ত্ৰীক আদেশিলা।
মৃগ মাৰিবাৰ কাজে,   যাইবো বিজু বন মাজে,
  আনা সৈন্য নকৰি গাফিলা॥
ৰাজাৰ আদেশ পালি,   উঠি মন্ত্ৰী গাৱ চালি,
  হাঙ্কাৰি আনিলা সমৰাজ।
অনন্তৰে নৰেশ্বৰ,   হস্তে ধৰি ধনু শৰ,
  যাত্ৰা কৰি আসিভৈলা বাজ॥ ৫৯
আৰোহিলা দিব্য ৰথ ,  ধৰিলা বনৰ পথ,
  অলক্ষ নৃপতি সেৱা কৰে।