পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
হৰিশ্চন্দ্ৰ উপাখ্যান।

থাক থাক কৈক যাইবি ৰাজা অহঙ্কাৰী
আৰ মান সাধো বুলি মোচৰন্ত ডাৰি।
মান্য খণ্ডি মোক তই নোপুজিলি আগে।
তাৰ প্ৰতিফল দিবো নছৰিবে লাগে॥ ৫৪
এহি গুণি গণেশৰ মনে সুখ নাই।
পাছে পাছে ৰাজাৰ ফুৰন্ত চিদ্ৰ চাই॥
নৃপতিও আপোনাৰ পুৰি মনোৰথ।
বিষ্ণুক চিন্তিয়াঁ সুখে ৰহিলা ৰাজ্যত॥ ৫৫
শুনিয়োক সভাসদ যত নিৰন্তৰ।
পৰমাৰ্থ কথা মাৰ্কণ্ডেয় পুৰাণৰ।৷
হৰিশ্চন্দ্ৰ চৰিত্ৰ শুনা অনুপাম।
পাপৰ নিৰ্য্য়ান হোক বোলা ৰাম ৰাম॥ ৫৬

⸻:0:⸻

ছবী।

ধম্ম পক্ষি গণে বোলে,   শুনিয়ো জৈমুনি ঋষি,
  যেন কথা ভৈলা তাত পাছে।
এহিমতে হৰিশ্চন্দ্ৰ,   পৃথিবী মণ্ডলে ইন্দ্ৰ,
  মহাকৃত্য কৃত্য হুয়া আছে॥
কৃষ্ণৰ প্ৰসাদে নৃপ,   ভুঞ্জিলন্ত সাতোদ্বীপ,
  ধৰ্ম্ম দেহা চুইলে হৰে পাপ।