পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
হৰিশ্চন্দ্ৰ উপাখ্যান।

অন্যথানে কোনে এনে ব্ৰাহ্মণক দিব।
হৰিশ্চন্দ্ৰ সম দাতা নাহি নুপজিব॥
থাকিলা কিৰীটি যাৱে চন্দ্ৰ দিবাকৰ।
এহি কথা মতে সবে চলি যান্ত ঘৰ॥ ৪৯
ৰাজাৰ সহস্ৰ কোটি ভণ্ডাৰ অনেক।
নপাৰিলে নিবে শত ভাগৰো ভাগেক॥
আনো যত প্ৰজা যজ্ঞ শালে আছে আসি।
দিলা বস্ত্ৰ অলঙ্কাৰ বহু ধন ৰাশি॥ ৫০
ৰাজসূয় যজ্ঞে তুষ্ট ভৈলা চৰাচৰ।
ত্ৰিদসে সহিতে আনিলন্ত পুৰণ্ডৰ॥
স্বগতো বসিয়া সশন্ত দেৱগণ।
ধন্যধন্য হৰিশ্চন্দ্ৰ সাম্ফল জীৱন॥ ৫১
পাতালতো যশ বাখানন্ত দৈত্য নাগে।
কিনো মহা যজ্ঞ কৰিলন্ত মহা ভাগে॥
নভৈলন্ত নোপজিব চৈধ্য ভুবনত।
সাম্ফল জন্মিল ৰাজা মাতৃৰ গৰ্ভত॥ ৫২
পক্ষিগণ বদতি জৈমুনি শুনিযোক।
যজ্ঞত নভৈল তুষ্ট নাহি হেন লোক॥
বিঘ্নিৰ ঈশ্বৰ একে গণেশত বাজে।
পূজা নেপাই গণপতি অধোমুখে লাজে।৷ ৫৩