পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

গোটে গোটে পেডা কতো ধৰন্ত সাবতি।
আনে ওচৰক যান্তে লাগে হতা হতি॥
দেন্ত উকি পুত্ৰ ভাতৃ বাৰ নাম কাঢ়ি ৷
আলগাই নেন্ত পাছে সাতে পাঞ্চ বেঢ়ি ৷ ২৪
সুবৰ্ণৰ ঝাৰি খুৰি আছে লক্ষ কোটি।
তাক দেখি কতো ব্ৰাহ্মণৰ আতি মুতি ৷৷
জোট কৰি বান্ধে ওপৰৰ বস্ত্ৰ কাঢ়ি।
দুই হাতে লৈ যান্ত কান্ধত কতো আৰি ৷৷ ৪৫
তথাপি কৰন্তে যান্তে মনত বিকল।
মোৰ কি নভৈল হস্তী গোট মান বল ৷৷
আজি লেযা গেলো হন্তে ভণ্ডাৰ উলাশী ৷
শতেক পুৰুষ সুখে খাইলো হন্তে বসি ৷৷৪৬
কতো দ্বিজগণে কঙ্কালত বস্ত্ৰ কাছি।
ৰূপে ওপছাযা মাথে লৈযা যান্ত পাছি ৷৷
আন্দোল কৰিযা চলি যান্ত বোঝা শিৰে।
দলদোপ বসুমতি ব্ৰাহ্মণৰ ভীৰে॥ ৪৭
জোতা জোতে আসন্ত দ্বিজ নিৰন্তৰ।
চিৰঞ্জীৱ হৌক হৰিশ্চন্দ্ৰ নৃপবৰ ৷৷
যাহাৰ যজ্ঞক ত্ৰৈলোক্যতো নাহি সৰি।
অদৰিদ্ৰ তৈল দুখী ভিক্ষী দেশান্তৰি ৷৷ ৪৮