পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

যত জীয়া জন্তু,  বিমানে চড়িয়া,
 পিপৰা পৰ্য্য়ন্তে আসি॥
সবাকো নৃপতি,   লগত লৈযান্ত,
 যত বৃক্ষ লতা বন।
ভূমিক এড়িয়া,  সবে আলগিল,
 অযোধ্যা ভৈল উচ্ছন্ন॥ ৫০১
সবাৰো মাজত,   জ্বলন্ত নৃপতি,
 দিব্য বিমানত বসি।
তাহাৰ মধ্যত,  প্ৰকাশ ভৈলন্ত,
 যেন পূৰ্ণিমাৰ শশী॥
মনুষ্যৰ চেষ্টা,  গুছিল সবাৰো,
 দেৱৰ যেন স্বভাৱ।
জগতে আশ্চৰ্য্য,   ভৈল নৃপতিৰ,
 দেখিয়া পুণ্য স্বভাৱ॥ ৫০২
ইন্দ্ৰৰ আদেশে,  চড়িল বিমানে,
 গগন মণ্ডল ঢাকি।
অসংখ্যাত কোটি,  কিঙ্কিনী বাজয়,
 দুন্দুভি শবদ জাকি॥
আনো নানা বিধ,  বাৱে দেৱ বাদ্য,
 কৰে মহানৃত্য গীত।