পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
হৰিশ্চন্দ্ৰ উপাখ্যান।

আথেবেথে দিব্য,  বিমানক বাছি,
 লৱৈ ভাল ভাল চাই॥ ৪৯৮
আপোন গৃহৰ,  দুৱাৰক লাগি,
 লৈযান্ত আপুনি ধৰি।
আছে মানে সবে,  সৰ্ব্বস্ব তোলয়,
 ছাগ গৰু আদি কৰি॥
সবান্ধৱে পাছে,  বিমানত চড়ি,
 পিন্ধে দিব্য অলঙ্কাৰ।
দেবাঙ্গ বসন,  গাৱত পিন্ধয়,
 গন্ধে পুষ্পে জাতিষ্কাৰ॥ ৪৯৯
দিব্য ৰত্নময়,   আসনে উঠিয়া,
 বসয় ইচ্ছা সুখদে।
দিব্য মালা যত,  পৰিধান কৰে,
 যোগাৱে পঞ্চ শবদে॥
যত দেৱ ভোগ,  ভুঞ্জে সবান্ধৱে,
 মিলিল কৰ্ম্মৰ ভোগ।
বিমানত চড়ি,  আকাশৰ পথে;
 নৃপতিৰ লৱে লাগ॥ ৫০০
এহি মতে প্ৰজা,  গণে বিয়াপিল,
 অন্যে অন্য়ো ৰঙ্গে হাসি।