পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
হৰিশ্চন্দ্ৰ উপাখ্যান।

সমস্ত প্ৰাণীক,   আপুনি মাতিয়া,
 কৰিলা ৰাজা আদেশ॥
অযোধ্যা নগৰে,   যত লোক আছে,
 সবে বিমানত চড়া।
স্বপুত্ৰ বান্ধৱে,   স্বৰ্গক লাগিয়া,
 আমাৰ লগতে লড়া॥ ৪৯৬
যত গজ বাজী,   মহিষ মেথন,
 গৰ্দ্দভ ছাগল গৰু।
কুকুৰ বিড়াল,   হংস পাৰ যত,
 তত তণ বন তৰু॥
পতঙ্গ পৰ্য্য়ন্তে,   যত জীৱ জন্তু,
 মোৰ অযোধ্যাত আছে।
বিমানে চড়িয়া,   আগতে চলোক,
 মই চলি যাইবো পাছে॥ ৪৯৭
ৰাজাৰ বচন,   শুনিয়া লোকৰ,
 আনন্দৰ নাহি পাৰ।
স্বৰ্গক যাইবাৰ,  লাগি উসমিস,
 ভৈলেক সবে প্ৰজাৰ॥
লৱড়া লৱড়ি,   ৰিঙ্গাৰাৱ কৰি
 সবে ভৈলা এক ঠাই।