পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

জগতৰ পুণ্যমানে জানা নিস্তকৰি।
প্ৰাণী উপকাৰৰ অল্পকো নুহি সৰি॥
হেনজানি প্ৰাণীক অভয় দিয়া দান।
বোলা হৰি হৰি পাইবা বৈকুণ্ঠত থান॥ ৪৯১

⸻:o:⸻

ডুলৰী

এতেক বচন,  শুনিয়া ৰাজাৰ,
  আছিল যতেক পুণ্য।
উৎসৰ্গি দিবাৰ,   ফলে তেতিক্ষণে,
  ভৈলা সহস্ৰেক গুণ॥
ধৰ্ম্ম ইন্দ্ৰদেৱে,   ধন্য ধন্য বুলি,
  পুষ্প বৰিষিলা মাথে।
আকাশ চানিয়া,   দুন্দুভি সম্বাদ,
  কৰন্ত দেৱৰ নাথে॥ ৪৯২
বাৱে বিদ্যাধৰে,   গন্ধৰ্ব্বে গাৱয়,
  অপেশ্বৰা গণে নাছে।
সিদ্ধ মুনি সবে,   প্ৰশংসা কৰন্ত,
 আনো যত দেৱ আছে॥
সেবিবেলা ইন্দ্ৰে,   দূত পঠাইলন্ত,
 গৈলা অম্ৰাৱতী থান।