পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

হৰিশ্চন্দ্ৰ বদতি শুনিয়ো দেৱৰাই।
যেনমত আমাৰ আছয় অভিপ্ৰাই॥
যতেক সিজিল কৰ্ম্ম প্ৰজাৰেসে বলে।
প্ৰজা যেবে নাহি কিবা কৰিবো একলে॥ ৪৮৬
হেন প্ৰজাগণ এড়ি যাইবো স্বৰ্গ লোভে।
প্ৰজায়ে সহিতে মোক নৰকত শোভে॥
যাহাৰ নিমিত্তে মই বোলাও মহাৰাজ।
হেন প্ৰজা এড়িয়া স্বৰ্গত নাহি কাজ॥ ৪৮৭
একবাক্য বোলো ইন্দ্ৰ হোৱা সাৱধান।
যেবে তপ জপ কৰি আছো কিছুমান॥
যেবে মহাযজ্ঞ মোৰ ভৈল স্বৰূপত।
যিবা পুণ্যে চিৰকাল থাকিবো স্বৰ্গত॥ ৪৮৮
প্ৰজাৰ নিমিত্তে মই কৰিলো উৎস্বৰ্গ।
মোৰ পুণ্যে প্ৰজাৰ সহিতে যাইবো স্বৰ্গ॥
ইন্দ্ৰক শুনায়া ৰাজা বুলি এহি বাণী।
তিল কুশ আনি উৎসৰ্গিয়া দিলা পানী॥ ৪৯৯
পুৰাণ কাহিনী শুনা সভাসদ যত।
বৈষ্ণৱৰ দেখা কেন কৃপাৰ মহত্ব॥
আপোনাৰ পুণ্য দিয়া প্ৰজাক পালয়।
তপজপ যজ্ঞ দান যতেক আছয়॥ ৪৯০