পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

ক্ষণেক পাইলন্ত গৈয়া অযোধ্যা নগৰী।
স্তম্ভিলা বিমান পাছে আকাশ আবৰি॥
নানা বিধ দেৱ বাদ্য শবদ তম্বুল।
দেখিয়া লোকৰ ভৈলা মনত আকুল॥ ৪৭১
উৰ্দ্ধ দৃষ্টি সচকিতে চাৱে সবে প্ৰজা।
দেখে বিমানত আছে হৰিশ্চন্দ্ৰ ৰাজা॥
কোলাত কুমৰ বামে শৈব্যা পটেশ্বৰী।
শতগুণে জলৈ কান্তি পূৰ্ব্বাধিক কৰি॥ ৪৭২
ৰাজাক দেখিয়া ভৈলা হৰিষ প্ৰজাৰ।
শুভশুভ বুলি সবে দিলেক জোকাৰ॥
লৱড়া লবড়ি ৰঙ্গে কৰে হুলা হুলি।
নাৰাগণে জুমে জুমে পাড়য় উৰুলি॥ ৪৭৩
আবেসে আমাৰ সবে খণ্ডিল ললাট।
এহি বুলি প্ৰজাসবে ছানি আসে বাট॥
ৰাজাক দেখিতে সবে ব্যাকুল স্বভাৱ।
দোখ নৃপতিয়ো নামি ভৈলা ভূমি পাৱ॥ ৪৭৪
যেন পিতা পুত্ৰে কতো কালে একঠাই।
গুছিল বিয়োগ আনন্দৰ সীমা নাই॥
সিঞ্চে দুৰ্ব্বাক্ষত সবে ৰজাক আবৰি।
হৰিষতে কান্দৈ কভো হাতে পাৱে ধৰি॥৪৭৫