পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
হৰিশ্চন্দ্ৰ উপাখ্যান।

মই সিটো লোকৰ সম্যকে জীৱ প্ৰাণ।
তাত পৰে মোহোৰ বান্ধৱ নাহি আন॥
তাসম্বাক নেদেখি স্বৰ্গত হৈবে দুখ।
দিয়ো অনুমতি মই দেখো প্ৰজা মুখ॥ ৪৬৬
বাসৱে বোলন্ত এহি হোক নৃপবৰ।
বিমানত চড়ি যাযো অযোধ্যা নগৰ॥
আপোন ইচ্ছাযে কৰা প্ৰজাক আশ্বাস।
পাছে মহা ৰঙ্গে চলা দেৱৰ নিবাস॥ ৪৬৭
হেন শুনি নৃপতিৰ হৰিষ মনত।
ভাৰ্য্যা পুত্ৰ সমে আৰোহিলা বিমানত॥
নানা বিধ দেৱ বাদ্য বাৱে আগে পাছে।
গন্ধৰ্ব্বে যোগায় গীত আপেস্বৰী নাছে॥ ৪৬৮
বাৱে বিদ্যাধৰ গণে আগত মৃদঙ্গ।
পুষ্প বৰষিয়া সিদ্ধ গণে কৰে ৰঙ্গ॥
বামে শৈব্যা পটেশ্বৰী কোলাত কুমৰ।
চলি গৈলা হৰিশ্চন্দ্ৰ দুতি পুৰন্দৰ॥ ৪৬৯
চড়ি বিমানত আতি ছানিয়া আকাশ।
দ্বিতীয় আদিত্য যেন কৰয় প্ৰকাশ॥
দশোদিশ উঠিয়া দুন্দুভি বাদ্য বাজে।
উৰ্দ্ধ দৃষ্টি সচকিত চাৱে সামৰাজে॥ ৪৭০