পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

যাবদেকে তাসম্বাৰ নপাওঁ অনুমতি।
কেনমতে আমাৰ হৈবেক সদগতি॥
ধৰ্ম্মে বুলিলন্ত ৰাজা জানা নিস্তকৰি।
মই সে আছিলো চাণ্ডালৰ ৰূপ ধৰি॥ ৪৬১
পূৰ্ব্ব জনমৰ কৰ্ম্ম লিখিত কপাল।
তোমাৰ হুইবেক লাগে অবশ্যে চাণ্ডাল॥
মায়ায়ে ভুঞ্জাইলো সিটো কৰ্ম্ম ভৈল ক্ষয়।
নকৰিবা ৰাজা কষ্ট এড়িয়ো শংসয়॥ ৪৬২
বাসৱে বোলন্ত মই আছিলো ব্ৰাহ্মণ।
ভাৰ্য্যা পুত্ৰ তোমাৰ কিনিয়া দিলো ধন॥
পৰীক্ষিলো আপুনি যতেক তপধৰ্ম্ম।
এড়িয়োক চিন্তা ৰাজা নকৰিয়ো মৰ্ম্ম॥ ৪৬৩
শুনি নৃপতিৰ ভৈলা হৰিষ অশেষ।
মায়া জানি গুছিল মনৰ যত ক্লেশ॥
ইন্দ্ৰক বোলন্ত শুনিয়োক দেৱৰাজ।
আক এক গোটা মোৰ আছে মুখ্য কাজ॥ ৪৬৪
অযোধ্যাৰ প্ৰজা মোৰ যেন পুত্ৰ ভাই।
মই এড়িলতে সবে মৃতক পৰাই॥
তাসম্বাক চাহিবে মোহোৰ মন আছে।
প্ৰবোধিয়া প্ৰজাক স্বৰ্গক যাইবো পাছে॥ ৪৬৫