এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
হৰিশ্চন্দ্ৰ উপাখ্যান।
ধৰ্ম্মে আসি বোলন্ত নৃপতি উঠ উঠ।
আমি ধৰ্ম্ম ইন্দ্ৰ তযু কৰ্ম্মে ভৈলো তুষ্ট॥
দিব্য বিমানত আসি চড়িয়ো সম্প্ৰতি।
স্ব শৰীৰে স্বৰ্গক চলিয়ো মহামতি॥ ৪৪৬
বাসৱ বদতি শুনা হৰিশ্চন্দ্ৰ ৰাই।
মোৰ বৰে তোমাৰ নিৰ্ম্মল ভৈল কাই॥
আগ বঢ়াইবাক আসিয়াছো দেৱবৰ্গ।
ভাৰ্য্য়া পুত্ৰ সমন্বিতে চলিয়োক স্বৰ্গ॥ ৪৫৭
অ উৰ পৃথিবীত থাকিবাৰ নোহে যোগ্য।
দেৱগণ সহিতে ভুঞ্জিয়ো দেৱ ভোগ্য॥
মনুষ দুল্লভ দিব্য বিমানত চড়ি।
বিলম্ব নকৰি শীঘ্ৰে স্বৰ্গে যাহা লড়ি॥ ৪৫৮
শুনি নৃপতিৰ মনে আনন্দ মিলিল।
এড়াইলন্ত ক্লেশ যেন নিদ্ৰাৰ জাগিল॥
ভাৰ্য্যায়ে সহিতে ৰঙ্গে ছালিলন্ত গাৱ।
ধৰ্ম্ম ইন্দ্ৰ দুইহস্তৰো নমিলন্ত পাৱ॥ ৪৫৯
কৰ যোড় কৰিয়া বোলন্ত নৃপবৰ।
হৃদয়ৰ কথা শুনা ধৰ্ম্ম পুৰন্দৰ॥
ভাৰ্য্যাক বিকিলো মই ব্ৰাহ্মণৰ ঘৰে।
আপুনিয়ো দাস মই ভৈলো চাণ্ডালৰে॥৪৬০