পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
হৰিশ্চন্দ্ৰ উপাখ্যান।

উঠলিয়া গৈল বহ্নি গগণ শিখৰ।
নেদেখয় তিনিয়ো প্ৰাণীৰ কলেৱৰ॥
দশোদিশে ৰোল উঠলিল হাহাকাৰ।
হা মহাৰাজা পূৰি ভৈল চাৰখাৰ॥ ৪৪৬
অশেষ প্ৰশংসা কৰে স্বৰ্গৰ দেৱতা।
সাধু হৰিশ্চন্দ্ৰ সাধু শৈব্যা পতিব্ৰতা॥
বৰষিল অসংখ্যাত কুসুম সুৰভি।
অন্তৰীক্ষ ঢাকি বাৱে দেৱৰ দুন্দুভি॥ ৪৪৭
পুণ্যৰ প্ৰভাবে বহ্নি ভৈলা সুশীতল।
দহিলন্ত সবে শৰীৰৰ মাত্ৰ মল॥
গুছিল কুবেশ তাসম্বাৰ কলেৱৰ।
প্ৰকাশয় নিৰ্ম্মল যেহেন শশধৰ॥ ৪৪৮
সেহিবেলা ধৰ্ম্ম ইন্দ্ৰ বিশ্বামিত্ৰ ঋষি।
কৰিলন্ত নৃপতিক প্ৰশংসা হৰিষি॥
ধন্য ধন্য হৰিশ্চন্দ্ৰ বড় যশ পাইলি।
আথে বেথে বহ্নিক নুমাইল পানী ঢালি॥ ৪৪৯
বাৱে বিদ্যাধৰে অপেস্বৰা কৰে নৃত্য।
ইন্দ্ৰদেৱে শৰীৰত সিঞ্চিলা অমৃত॥
জীলা ৰোহিতাশ্ব তৈত উঠিয়া বসিল।
দেখি ৰাজা আনন্দে পুত্ৰক আলিঙ্গিল॥ ৪৫০