পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

শুনি মহাদইৰ ভৈল অন্তৰীক্ষ প্ৰাণ।
কতো বেলি শৰীৰত নাছিলন্ত জ্ঞান॥
নসহে হৃদয় শোক পোৰে ভক ভকি।
স্বামী আগে পড়িয়া কান্দয় মক মকি॥ ৪৩৬
বজ্ৰ সম বাণী কোনে বুলিলো নুগুণি।
তুমিও জানিলা মই হেন নিদাৰুণী॥
ধৰিবে কি পাৰো প্ৰাণ পতি পুত্ৰ শোকে।
এত কদৰ্থনা কেনে কৰিলাহা মোকে॥ ৪৩৭
দণ্ডেকো নেদেখি মোক নাছিল নিবাস।
মৰণ বেলাত কেনে এড়িবাক চাস॥
হেনয় নিষ্ঠুৰ বাণী বোলা কোন সতে।
হৃদয় বিদীৰ্ণ শোক সহিবো কিমতে॥ ৪৩৮
স্ত্ৰী জাতি ভৈলে তাৰ স্বামী জীৱ প্ৰাণ।
স্বামীসে দেৱতা যত তপ জপ ধ্যান॥
হেন স্বামী মৰিলে যি জনি নমৰয়।
বজ্ৰতো অধিক দেখো তাইৰ হৃদয়॥ ৪৩৯
দণ্ডেকো নিজীবো প্ৰভো তুমি অবিহনে।
কুলক্ষণি বিধৱাৰ কি কৰে জীৱনে॥
মই নেৰোঁ তথাপিতো প্ৰাণ যাই এড়ি।
কোন মতে ৰহিবোহো ব্ৰাহ্মণৰ ছেড়ি॥ ৩৪০