পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
হৰিশ্চন্দ্ৰ উপাখ্যান।

উপদেশ বাণী প্ৰাণেশ্বৰী তই শুন।
মোৰ মুখে কতেক বৰ্ণাইবোঁ তোৰ গুণ॥
তই হেন ভাৰ্য্যা পাইলো কত জন্ম ভাগে।
তোহোৰ কথাক আবে কি কহিবে লাগে॥ ৪৩১
কৰ্ম্ম সময়ত তোক মন্ত্ৰী হেন লেখি।
ৰঙ্গৰ বেলাত যেন তই প্ৰাণসখী॥
স্নেহৰ প্ৰস্তাৱে তই মাতৃ যেন ঠান।
শয়ন বেলাত তই দাসীৰ সমান॥ ৪৩২
কত তপসাই পাইলো তই হেন ভাৰ্য্য়াক।
অতি অল্পকালে বিধি দণ্ডিলে আমাক।
কৰিকে নপাইলো অযোধ্যাত সুখ ভোগ।
আজি হন্তে তোৰ মোৰ মিলিল বিয়োগ। ৪৩৩
কেলি কৌতুহলে আছিলিহি মোৰ পাশ।
ক্ৰীড়াত কৰিলো তোক যিবা পৰিহাস॥
যেন ভৈল ৰঙ্গৰ সময় মন ৰোষ।
এহি তোত সাধো তাত নধৰিবি দোষ॥ ৪৩৪
আজি পৰিচ্ছেদা তোৰ মোৰ দেখা দেখি।
ইজন্মক লাগি মোক মেলি চোৱা আখি॥
থাকিয়োক বান্ধৈ মাতি যাওঁ যম পুৰ।
পুত্ৰৰ আমাৰ আশা-আজি হন্তে দুৰ॥ ৪৩৫