পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

পদ।

পক্ষিগণে বোলে মুনি শুনা আত পৰে।
কতো বেলি স্তব্ধ হৈয়া ৰাজা অনন্তৰে॥
উঠিয়োক প্ৰিয়া আবে শোক পৰিহৰি।
ব্ৰাহ্মণৰ গৃহক চলিয়ো প্ৰাণেশ্বৰী॥ ৪২৬
ধন দি কিনিলে দাসী ভৈলা মহাদই।
কেনমতে ব্ৰহ্মস্বক শুজিবা বান্ধই॥
ঘোৰ ব্ৰহ্মস্বক সুমৰন্তে লাগে ত্ৰাস।
আছোক আমাক, দহিবেক আশ পাশ॥ ৪২৪
যিবা জনে খাই বিষ তাক মাত্ৰ মাৰে।
ব্ৰহ্মস্বে দগধ কৰে পুত্ৰ পৰিবাৰে॥
অন্যচাৰি ব্ৰাহ্মণৰ হৰে তিল কুশ।
দুৰ্ব্বাৰ ব্ৰহ্মস্বে দহে একৈশ পুৰুষ॥ ৪২৮
চাণ্ডালৰ ঋণস্বক মোৰ নাহি ডৰ।
ইহাক বঞ্চিলে নষ্ট হুইবো একেশ্বৰ॥
ব্ৰাহ্মণৰ ব্ৰহ্মস্বে সবংশে যাইবো তল।
হেনজানি বান্ধৈ সত্বৰ কৰি চল॥ ৪২৯
কদাচিতো ব্ৰাহ্মণক নুবুলিবা খৰ্ব্ব।
আউৰ ৰাজভাৰ্য্যা হেন নকৰিবা গৰ্ব্ব॥
আঠো অঙ্গ মাৰি দাসী ভাৱে নিবা কাল
দেৱ হেন বুলি ধৰা ব্ৰাহ্মণৰ আল॥ ৪৩০