পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

যাৰ গাৱে ভৈল তাপ,   সি কি আৰু চাৱে পাপ,
 যেনেতেনে কৰো আত্মাঘাত॥ ৪২৩
এখানে সাজিবো চিতা,   পুত্ৰক তুলিয়া তথা,
 জালিবো অগনি যত্ন কৰি।
প্ৰাণকো এড়িবো তাত,   বহ্নিত কৰিবো বাস,
 পুত্ৰৰো লগতে যাইবো মৰি
নবাধিবা বান্ধৈ মোক,   এড়াওঁ ইটো মহাশোক,
 আপোনাৰ কৰো আজি কাল।
এহি বুলি ৰাজা কান্দি,   ভাৰ্য্যাক গলত বান্ধি,
 অধোমুখ ভৈলা মহী পাল॥ ৪২৪
নমো নমো জগন্নাথ,   ভূমিত নমায়া মাথ,
 চৰণত কৰো নমস্কাৰ।
কৃষ্ণ পদ প্ৰসাদত,   সিদ্ধি হোক অভিমত,
 পদ হৌক অশেষ প্ৰাচাৰ॥
কায়স্থ শঙ্কৰ কবি,   পয়াৰে ৰচিলা ছবী,
 ছবী পদ চয় নিগদতি।
শুনিয়োক সৰ্ব্বলোক,   বৈকুণ্ঠক চলিয়োক,
 হৰি হৰি বুলিয়া সম্প্ৰতি॥ ৪২৫