পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
হৰিশ্চন্দ্ৰ উপাখ্যান।

স্বৰ্গ মৰ্ত্য় ৰসাতলে,   যাক সমে নাহি বলে,
 জগত ব্যাপিল যাৰ যশে॥
বুদ্ধি বৃহস্পতি সম,   আছিলাহা নৰোত্তম,
 কোন দৈবে দিলেক আপদ।
মৃতকক চোৱা আসি,   শ্মশানত থাকা বসি,
 কাক গৃধে আবে সভাসদ॥ ৪১৬
শৱৰ মাংসক গিলি,   পিশাচৰ কিলা কিলি,
 যক্ষ ৰক্ষ গণে চমৎকাৰ।
নাড়ী মুণ্ড ভণ্ড ছয়,   শুনিতে কৰ্দ্দম ময.
 চিতা ধূমে দেখি অন্ধকাৰ॥
শৃগালৰ ঘোৰ ৰাৱ,   শুনি সিহৰিল গাৱ,
 শবদে লাগয় কৰ্ণে ত্ৰাস।
হৰি হৰি হৰিশ্চন্দ্ৰ,   পৃথিবী লোকৰ ইন্দ্ৰ,
 এবে ভৈল এই স্থানে বাস॥ ৪১৭
এহি বুলি পটেশ্বৰী,   স্বামীৰ গলত ধৰি,
 কৰিলন্ত বিষাদ অশেষ।
উঠিয়োক মহাৰাজ,   স্বৰূপ কহিয়ো কাজ,
 কেন ভৈলা চাণ্ডালৰ বেশ॥
তোমাৰ অৱস্থা যিবা,  স্বৰূপত দেখো কিবা,
 কিবা দেখিয়াছো স্বপনত।