পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
হৰিশ্চন্দ্ৰ উপাখ্যান।

নেদেখোহো ছত্ৰ দণ্ড,   নুশুনোহো বাদ্য় ভণ্ড,
 আগত নকৰৈ নৃত্য গীত॥ ৪১৩
পয়ানৰ বেলা যাৰ,   সেনাৰ নেদেখো পাৰ,
  হয় হস্তী ৰথ যাই যুড়ি।
বাদ্য় ভণ্ড কোলাহল,   কৰ্ণত হানয় তাল,
 পাতাল পূৰত লাগে হুড়ি॥
নদী সব উঠে পঙ্ক,   স্বৰ্গত লাগয় চঙ্ক,
 শত্ৰুৰ যাইবাক পুৰী নাই।
সিনো শ্ৰী কৈক গৈল,   হেন সে বিপত্তি ভৈল
 শ্মশানত ফুৰে মহাৰাই॥ ৪১৪
আগুয়ান বেলা যাক,   মহা মহা ৰাজা ঝাক,
 সঘনে ধৰয় সবে আল।
হাতে শেল শূলধৰি,   ফুৰে সবে দম্ভ কৰি,
 ৰিপুৰ মধ্যত যেন কাল॥
কতো ছত্ৰ ধৰৈ মাথে,   কাহাৰো ভৃঙ্গাৰ হাতে,
 কেহো কৰে চামৰে বতাস।
কিনো বিধি বিপৰ্য্য়য়,   দহে দেহা অতিশয়,
 হেন ৰাজা চাণ্ডালৰ দাস॥ ৪২৫
সিংহাসনে থাকা চড়ি,   মহা পাত্ৰ গণে বেঢ়ি,
 থাকে যেন ইন্দ্ৰক ত্ৰিদশে।