পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

কতো বেলি সন্ধুকিয়া! গদ গদ মাত।
অধোমুখ ভৈলন্ত গালত দিয়া হাত॥
সৰ সৰি পৰৈ লোহ কৰন্ত বিষাদ।
ধিক ধিক বিধি তোৰ হেনসে মৰ্য্য়াদ॥ ৪০৭
দুতি ইন্দ্ৰ যেন হৰিশ্চন্দ্ৰ মহীপাল।
ইহাক কৰিলে আনি অধম চাণ্ডাল॥
ধিকাৰ আছোক তোৰ দাৰুণ হৃদয়।
যতেক বিহিত তোৰ সকলে বোলয়॥ ৪০৮
ৰাজ্যৰ খেদাই কৈলা চাণ্ডালৰ বেশ।
বিকাইল ভাৰ্য্যা পুত্ৰ দক্ষিণা উদ্দেশে॥
এতেক অৱস্থা দিয়া নাতিল ৰাজাক।
চাণ্ডাল কৰিলে নিয়া কোননো বিপাক॥ ৪০৯
হৰি হৰি কিনো ইটো পৰম অদ্ভুত।
পৰম আশ্চৰ্য্য আবে মিলিল গাৱত॥
কৃষ্ণৰ কিঙ্কৰে পদ ভণিলা শঙ্কৰে।
ডাকি হৰি হৰি বোলা লোক নিৰন্তৰে॥ ৪১০

⸻:0:⸻

ছবী।

স্বামীৰ অৱস্থা দেখি,   পতিব্ৰতা মহাদৈৰ,
  শোকানল জ্বলৈ নিদাৰুণ।