পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰিশ্চন্দ্ৰ উপাখ্যান।

যতেক সৰ্ব্বস্ব ৰাজ্য ভাৰ মোৰ গৈলা।
একেশ্বৰ ভৈলো পুত্ৰ ভাৰ্য্যায়ো নৰৈলা॥
আপুনি চাণ্ডাল ভৈলো গৈল জাতি কুল।
সবেও নভৈল পুত্ৰ সন্তাপৰ তুল॥ ৩৯৭
কোন দৈবে খাইলে কুমৰক সৰ্প হুই।
মোক খাহা আমি এড়াওঁ পুত্ৰ শোক জুই॥
এহি বুলি নৃপতি কান্দন্ত হুক হুকি।
কৈক গৈলা ৰোহিতাশ্ব বুলি দেন্ত উকি॥ ৩৯৮
মৃতক পুত্ৰক হৃদয়ত ধৰি তুলি।
নিঢালে পড়িলা দুনাই পুত্ৰ পুত্ৰ বুলি॥
সহিবে নোৱাৰি ৰাজা শোকৰ ঝমক।
হৰিল চেতন যেন দেখিল যমক॥ ৩৯৯
নাহি মাত বোল থাকিলন্ত মুৰ্চ্ছা গই।
হেন দেখি বিস্ময় ভৈলন্ত মহাদই॥
কৈৰ গোটে কান্দৈ কুমৰক আঙ্কোৱালী।
বিলাপ এড়িয়া শৈব্যা চাহান্ত •নিহালি॥ ৪০০
হৰিশ্চন্দ্ৰ নৃপতিৰ শুনো যেন মাত।
তেনয় আকাৰ সুবলিত ভৰি হাত॥
নিশ্চয় জানিলো মোৰ হোৱে প্ৰাণনাথ।
তাহানেসে দেখো ইটো ছত্ৰাকৃত মাৱ॥ ৪০১

'