পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

সমস্ত সম্ভাৰ মিলাইলন্ত মহাৰাজ।
অসংখ্যাত ঋষিগণ মিলাইলা সমাজ॥
বশিষ্ঠে মণ্ডল দিয়া আৰম্ভিলা পূজা।
ভাৰ্য্যায়ে সহিতে কুশহস্ত ভৈলা ৰাজা॥ ২৪
প্ৰথমে বোলন্ত পূজিয়োক গণপতি॥
ৰাজায়ে বোলন্ত গুৰু কমন যুগুতি।
পৰম পুৰুষ হৰি তাঙ্ক এড়ি আগে।
কিবা গুণে গণেশক পূজিবাক লাগে॥ ২৫
জগতৰ নাথ সংসাৰৰ আদি মূল।
বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল॥
বিষ্ণুত অৰ্পিবো যত পূজা যজ্ঞ দান।
বিষ্ণু ব্যতিৰেকে দেৱ নজানোহো আন॥ ২৬
হৰি তুষ্ট ভৈলে তুষ্টে হোৱে চৰাচৰ।
হেন বিষ্ণু এড়ি পূজিবোহো লম্বোদৰ॥
কাচক যতনে যেন পৰিহৰি হীৰা।
শালগ্ৰাম মাটিত নটিক যেন পীৰা॥ ২৭
বশিষ্ঠ বদতি শুনা নৃপতি প্ৰধান।
গণেশক কিসক কৰোহো এতমান॥
পাৰ্ব্বতীৰ পুত্ৰ মত বিঘ্নিৰ ঈশ্বৰ।
তাহান ক্ৰোধত কাৰ্য্য হৈব অথান্তৰ॥ ২৮