পৃষ্ঠা:হেমহাৰ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


(১) ধ্ৰুব।

 অতি পুৰণি কালত আমাৰ এই ভাৰতবৰ্ষতে উত্তানপাদ নামেৰে এজন সৰ্ব্বগুণান্বিত অতি পৰাক্ৰমী ৰজা আছিল। তেঁওৰ সুনীতি আৰু সুৰুচি নামেৰে দুগৰাকী পৰম ৰূপৱতী ৰাণী আছিল। তেঁওলোকৰ ভিতৰত সুনীতিৰ গৰ্ভত ধ্ৰুব আৰু সুৰুচিৰ গৰ্ভত উত্তম নামেৰে দুটি ৰাজকোঁৱৰৰ জন্ম হয়। ৰূপে, গুণে, স্বভাৱে, চৰিত্ৰে দুয়োটি কুমাৰৰ একো বিভিন্ন নাছিল। প্ৰজা বিলাকেও তেওঁলোক বৰ ভাল পাইছিল। ৰজাই সুৰুচিক সুনীতিতকৈ বেছি আদৰ আৰু স্নেহ কৰিছিল। কাৰণ সুৰুচিয়ে ৰজাৰ মনত