পৃষ্ঠা:হেমহাৰ.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
হেমহাৰ।

 একলব্যই আৰু একো নকলে। গুৰুক প্ৰণাম কৰি আশীৰ্বাদ লৈ মনৰ বেগত তাৰ পৰা বাহিৰ হল। ওলাই লৈয়েই ঘৰলৈ নগৈ তেওঁ মহাৰণ্যত প্ৰবেশ কৰি বিদ্যাৰ সাধনা আৰম্ভ কৰিলে।

 কিন্তু দিনৰ পাচত এদিন দ্ৰোণাচায্যৰ শিষ্য ৰাজকুমাৰবিলাক ঘোৰা, হাতী, কুকুৰ আদি লৈ মৃগয়ালৈ যাব। তেওঁবিলাক বেলেগ বেলেগ হৈ হাবিয়ে হাবিয়ে চিকাৰ বিছাৰি ফুৰিবলৈ ধৰিলে।

 তাৰে এজন হাবিয়ে হাৰিয়ে ঘুৰি ফুৰোতে এঠাইত তেওঁৰ কুকুৰটোৱে বৰকৈ ভুকিবলৈ ধৰিলে। উলটি চাই দেখে, গছ এজোপাৰ তলত মাটিৰে সজা তেওঁলোকৰ গুৰু দ্ৰোণৰ মূৰ্তি, আৰু তাৰ ওচৰতে ধেনুকাঁ‌ৰ লৈ এটি লৰা সন্যাসী বহি আছে। কুকুৰৰ ভুকনিত বিৰক্ত হৈ সন্যাসীয়ে লাহে লাহে ধেনুখন লৈ ইটোৰ পাচত সিটোকৈ সাতোটা শৰ মাৰি কুকুৰৰ মুখ বন্ধ কৰি পেলালে।