পৃষ্ঠা:হেমহাৰ.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
একলব্য।

কিন্তু অৰ্জ্জুনে বুকু ফিন্দাই কলে, “মই প্ৰতিজ্ঞা কৰিছোঁ আপোনাৰ যেনে প্ৰতিজ্ঞা হক মই পূৰণ কৰিম। ” অৰ্জ্জুনৰ কথা শুনি দ্ৰোণ বৰ সন্তুষ্ট হল। আৰু কোলাত লৈ চুমা খাই কলে “তোমাৰ প্ৰতিজ্ঞা শুনি মই বৰ সন্তুষ্ট হলোঁ, তুমিয়েই গুৰুৰ মান ৰাখিব পাৰিবা। ময়ো আজি প্ৰতিজ্ঞা কৰিছোঁ, মোৰ সকলো শিষ্যৰ ভিতৰত তোমাকেই সকলোতকৈ ডাঙ্গৰ শিষ্য কৰিম। তোমাক এনে বিদ্যা শিকাম যে জগতৰ ভিতৰত তুমি অদ্বিতীয় বীৰ আৰু যোদ্ধা হৈ উঠিবা। দ্ৰোণাচাৰ্য্যই ৰাজকুমাৰ বিলাকক যুদ্ধবিদ্যা শিকাবলৈ ধৰিলে। কিন্তু অৰ্জ্জুন দ্ৰোণাচাৰ্য্যৰ সকলো শিষ্যতকৈ প্ৰিয় হৈ উঠিল। আৰু সকলোতকৈ পৈণত হৈ উঠিল।

 হস্তিনাপুৰ নগৰৰ বাহিৰে হাবিৰ দাঁতিত এখন ব্যাধৰ গাওঁ আছিল। তাত হেজাৰ হেজাৰ ব্যাধ বাস কৰিছিল। এইবিলাক