পৃষ্ঠা:হেমহাৰ.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একলব্য।

 ৰামায়ণ ৰচনা কৰা মহামুনি বাল্মিকিৰ প্ৰিয় শিষ্য ভৰদ্বাজ মুনি। ভৰদ্বাজৰ পুত্ৰ দ্ৰোণ। পাঞ্চাল ৰজাৰ পুতেক দ্ৰুপদ লেখাপঢ়া শিকি- বলৈ ভৰদ্বাজ মুনিৰ আশ্ৰমত বাস কৰি- ছিলহি। আৰু তেতিয়াই তেওঁ আৰু দ্ৰোণ দুয়ো নলে-গলে-লগা বন্ধু হৈ পৰে। যেন একে মাকৰ দুটা লৰা। খাওঁতে দুয়ো, শোঁতে দুয়ো, সকলো সময়তে এটিক নেদেখিলে আনটি এখন্তেকো থাকিব নোৱাৰিছিল। কিন্তু কোনেও নেভাবিছিল যে এওঁবিলাক দুয়োৰ ভিতৰত কেতিয়াবা এৰাএৰি হ  লেখাপঢ়া শিকি দ্ৰুপদ ঘৰলৈ উলটি গ'ল। দ্ৰোণেও শিক্ষা সাঙ্গ কৰি বিয়া বাৰু কৰাই সংসাৰ পাতিলে। ইতিমধ্যে ভৰদ্বাজ মুনিৰ মৃত্যু হয়। পিতাকৰ মৃত্যুৰ পাচত দ্ৰোণে অতি কষ্টেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে।