পৃষ্ঠা:হেমহাৰ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
প্ৰহ্লাদ।

 হয়, পিতা, মোৰ হৰিয়েই মোক ৰক্ষা কৰিলে। আন কি তেওঁ মোৰ সৈতে একে- লগে আহাৰ কৰিছে। আপুনি তেওঁক দেখা নাইনে? ক্ৰোধৰ সমান পাপ জগতত নাই। তেওঁ পুনৰাই ক্ৰিধত হিতাহিতজ্ঞানশূন্য হৈ প্ৰহ্লাদক টানি বন্দীশালৰ পৰা উলিয়াই ৰাজ প্ৰাসাদলৈ লৈ গল।

 হিৰণ্যকশিপু প্ৰকৃততে পাগল হ’ল। তেওঁৰ জ্ঞান বুদ্ধি বিবেচনা সকলো লোপ পালে। ইপিনে গোটেই নগৰ জুৰি হৰি নামৰ প্ৰভাৱ বিস্তাৰি পৰিল। গতিকে তেওঁৰ দিনে দিনে পুত্ৰবধৰ চিন্তা বাঢ়িবলৈ ধৰিলে।

 একো উপায় নেদেখি হিৰণ্যকশিপুৱে এদিন প্ৰহ্লাদক মাতি পঠালে। প্ৰহ্লাদ আহি পালত ৰজাই কলে, প্ৰহ্লাদ, ই তোমাৰ কি ব্যৱহাৰ! পিতৃ-আজ্ঞা লঙ্ঘন কৰাই পুত্ৰৰ ধৰ্ম্ম নেকি? তোমাৰ হৰিয়ে ইয়াকে শিক্ষা দিয়েনে?

 অলপ পৰ নিৰৱে থাকি প্ৰহ্লাদে লাহে