পৃষ্ঠা:হেমহাৰ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
প্ৰহ্লাদ।

  মন্ত্ৰীৰ কথাত সন্তোষ পাই ৰজাই প্ৰহ্লা- দক বিষ খুৱাই মাৰিবৰ ব্যৱস্থা কৰিলে। আৰু সেই উদ্দেশ্যে প্ৰহ্লাদক বন্দীশালত থৈ দিলে।

  প্ৰহ্লাদ বন্দী-শালত বহি হৰি নাম লৈ আছে। এনেতে পৰিচাৰিকা এজনীয়ে খোৱা বস্তু কিছুমান লৈ আনি প্ৰহ্লাদক সাদৰেৰে দি গলহি। প্ৰহ্লাদে বেচ বুজিছিল যে সেই আহাৰত নিশ্চয় বিষ মিহলোৱা আছে। কাৰণ কেতিয়াও প্ৰহ্লাদক তেনে ৰূপে মৰম কৰি আহাৰ কৰিবলৈ নিদিছল। প্ৰহ্লাদে ভাবিলে কতই কত সুন্দৰ বস্তুৰ নৈবিদ্য তেওঁক অৰ্পণ কৰে, কিন্তু মই এতিয়া তেওঁক এই বিষাক্ত অন্নহে দিব লগা হল,কি কৰা যায়। একো উপায় নাপাই কান্দি কান্দি সেই বিষাক্ত অন্নকেই প্ৰভুক নিবেদন কৰিলে।

  ভগৱান ভক্তাধীন। ভক্তই যি দিব তাকেই তেওঁ গ্ৰহন কৰে। তেওঁৰ মানত ভক্তৰ