পৃষ্ঠা:হেমহাৰ.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
হেমহাৰ।

 ইমানতো হিৰণ্যকশিপুৰ মোহান্ধ দূৰ নহল। তেওঁ নুবুজিলে যে হৰি ভক্তৰ জয় অনিবাৰ্য্য। তেওঁ মাত্ৰ চিন্তা কৰিলে প্ৰহ্লা- দক কেনেকৈ ধ্বংস কৰা যায়, আৰু এই চিন্তাটোৱেই তেওঁক ব্যাকুল কৰি তুলিলে।

 বুঢ়া মন্ত্ৰীক মাতি আনি হিৰণ্যকশিপুৱে কলে, মন্ত্ৰিবৰ, এনে এটা উপায় কৰক যাতে প্ৰহ্লাদৰ মৃত্যু হয় আৰু এই হৰিভক্ত দৈত্য বিলাকে উপযুক্ত শাস্তি পায়। সেয়ে নহলে মোৰ শান্তি নহয়, দিনে ৰাতিয়ে শত্ৰুৰ নাম শুনি মই পাগল হৈ উঠিছোঁ। এতেকে, হে জ্ঞান বৃদ্ধ, আপুনি ইয়াৰ এটি প্ৰতিকাৰ কৰক।

 মন্ত্ৰীয়ে কলে, মহাৰাজ, অনেক উপায় কৰিও প্ৰহ্লাদক বধ কৰিব পৰা নহল যেতিয়া মই আৰু একো উপায় দেখা নাই। তথাপি এটা কথা আছে যদি প্ৰহ্লাদৰ খোৱা বস্তুৰ লগত বিষ প্ৰয়োগ কৰি পৰা যায় তেনেহলে ইয়াতে প্ৰহ্লাদ আৰু সেই মায়াবী শ্ৰীকৃষ্ণ দুয়ো মৰিব।