পৃষ্ঠা:হেমহাৰ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
জটিল

বুজিবলৈ একো বাকী নাথাকিল। তেওঁলোকে ভগৱন্তৰ চৰণত দীঘল দি পৰি অনেক স্তুতি- মিনতি কৰিবলৈ ধৰিলে। তেওঁ লোকৰ স্তুতি গানত সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকক সুমধুৰ বাক্যেৰে প্ৰবোধ দি তেতিয়াই স্বৰ্গীয় ৰথত তুলি চিৰ সুখ পুৰি বৈকুণ্ঠ ধামলৈ লৈ গুচি গল।


____________