পৃষ্ঠা:হেমহাৰ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দিব নোৱাৰোঁ। মই ভক্তাধীন, ভক্তৰ দুখ দেখি অকণো সহ্য কৰি থাকিব নোৱাৰোঁ। তোমালোক এতিয়া যোৱা। মই ধ্ৰুবক দেখা দি তেওঁৰ মনোবাঞ্চা পূৰণ কৰিমগৈ। ” এই বুলি কোৱাত দেৱতা সকল ঘৰাঘৰি প্ৰস্থান কৰিলে। দেবতা সকলক প্ৰবোধ দি ভগৱান বিষ্ণু গৰুড়ত উঠি মধুবন পালেগৈ আৰু ধ্ৰুবে যি ঠাইত বহি তপস্যা কৰিছিল তালৈ গৈ তেওঁৰ আগত ঠিয় হলগৈ। বিষ্ণুক আগত দেখি ধ্ৰুবৰ হিয়া আনন্দত নাচি উঠিল। তেওঁৰ হৃদয়ৰ মাজত কি যেন এক অপূৰ্ব্ব স্বৰ্গীয় ৰশ্মি দেখিবলৈ পালে, তেওঁনো এতিয়া কি কব একো ঠিক কৰিব নোৱাৰি কঁপি কঁপি আধা ফুটা মাতাৰে,প্ৰভু! দাসৰ অপৰাধ ক্ষমা কৰক বুলি ঠিয় হৈ ৰল।

 ভাবগ্ৰাহী জনাৰ্দ্দনৰ আৰু বুজিবলৈ একো বাকী নাথাকিল। তেওঁ তেওঁৰ হাতৰ শঙ্খেৰে ধ্ৰুবৰ কণ্ঠ স্পৰ্শ কৰিলে। তেওঁৰ তেতিয়া চেতনা হল। তেওঁ তেতিয়া ভগৱানৰ স্তুতিগান