পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত্ৰ


পদ্মনাথ গোহাঁই বৰুৱাই কয় যে “এনে অসমীয়া লিখাৰু নাই যি হাতত কাপ লৈ অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰৰ নাম এবেলি সুঁৱৰি নাচায়। হেমচন্দ্ৰ বৰুৱাই ভাষাক সাৰথি কবি হেমৰ কোষেৰে ওখ দ’ল বান্ধি নুমাব লগীয়া অসমীয়া নাম জিলিকা কৰি ৰাখিলে।” শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই কয় যে “হেমচন্দ্ৰ বৰুৱা ভাষা আকাশত জোন; স্বদেশী ভাষাত হেমকোষৰ নিচিনা অভিধান ভাৰতত কোনে ৰচিছে?” প্ৰবীণ সাহিত্যিক স্বৰ্গীয় সত্যনাথ বৰাই “হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক” বুলি গৈছে, এনেকৈ হেমচন্দ্ৰক অসমীয়া মাত্ৰেই সদাই উচ্চ আসন দিছে।

 কিতাপত বাদেও, হেমচন্দ্ৰ এজন সূচক Journalist বা সংবাদ পত্ৰলিখক আছিল। হেমচন্দ্ৰই বাতৰি কাকতৰ সম্পাদক স্বৰূপে কম সুখ্যাতি অৰ্জ্জন কৰা নাছিল। আসাম নিউচ কাকতৰ সম্পাদক হৈ ৰজাঘৰত আৰু প্ৰজাৰ মাজত তেওঁৰ কথাৰ মূল্য বাঢ়িছিল। গৱৰ্ণমেন্টে আসাম সংক্ৰান্ত বিষয়ত আসাম নিউচৰ সম্পাদকক আলোচনা কৰিছিল ৷ অসমীয়া কিতাপ-পত্ৰৰ সমালোচক হিচাবেও তেওঁৰ আসন উচ্চ আছিল। আসাম নিউচলৈ সমালোচনাৰ কাৰণে পঠোৱা কিতাপ-পত্ৰৰ তেওঁ প্ৰকৃত গুণাগুণ বিচাৰ কৰিছিল। বাৰ পাচি ভুল থকা অসমীয়া কিতাপলৈ তেওঁৰ সহানুভূতি নাছিল। সমালোচক স্বৰূপে তেওঁ অতি তীক্ষ্ণ বাণ মাৰিছিল। এসময়ত অসমীয়া লিখাৰুৱে এই তীক্ষ্ণ বান সহিব নোৱাৰি এনে কথা ৰাষ্ট্ৰ কৰি ফুৰিছিল যে হেমচন্দ্ৰ বৰুৱাৰ আসাম নিউচৰ আমি আৰু গ্ৰাহক নহওঁ। ‘লৰাবোধ’ আৰু ‘শিক্ষাসাৰ’ নামেৰে দুখন কিতাপৰ