পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত এই স্মৃতি ফলকৰ লগতে আমাৰ ইচ্ছা যায় তলৰ কথাখিনিও শিলত লিখা থাকে— ৰবাহে পথিক, কলৈ যোৱা ঘেন চোৱাঁছে। এবাৰ, কাৰ ই স্মৃতি কোন মহাজনে পবিত্ৰ কৰেৰে পিন্ধালে দুখিনী অসম মাতৃক, অতি মনমোহা স্ফটিকৰ মালা, যাৰ পুণ্যাভাবে জ্বলে জগতত অসমীয়া ভাষা স্বতন্ত্ৰ বুলি? “হলেও জননী নিছলা ভিকহু সম্বোধিব লাগে “আই” বুলিএহে কুৰূপা হলেও মোৰ নয়নত সততে উজ্জ্বল”, --এনে পুণ্য শিক্ষা যিজনে বিতৰি গল স্বৰ্গধাম, সেই হেমচন্দ্ৰৰ পবিত্ৰ নামটি সোৱঁৰা, সোৱ ৰা অসমীয়া জাতি এই স্মৃতিস্তম্ভ স্থাপন কৰোঁতেই অসমীয়াৰ কৰ্ত্তব্য শেষ পৰা নাই। হেমচন্দ্ৰৰ নিচিনা প্ৰকৃত গুণী পুৰুষৰ কাৰ্যাৱলী- য়েই তেওঁৰ স্মৃতি। আমি অসমীয়াই এইজন মহাপুৰুষৰ পথ অনুসৰণ কৰি দুখুনী মাতৃভাষাৰ পূজাৰ আয়োজন যদি সকলোৱে যথাসাধ্য কৰোঁ তেন্তে অসমীয়া সাহিত্যৰ লুপ্ত গৌৰব নিশ্চয় উদ্ধাৰ পাব আৰু প্ৰাচীন সাহিত্যত অসমীয়া ভাষাৰ আসন যেনে উচ্চ আছিল বৰ্ত্তমান সাহিত্যতো ইয়াৰ আসন তেনে হৈ জগতৰ সুসভ্য শিক্ষিত জাতিৰ ভাষাৰ লগত