পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু ওপৰত দিয়া উপদেশ মানি চলা অসমীয়া লিখাৰুসকল নিভাঁজ অসমীয়া হেমচন্দ্ৰ বৰুৱাৰ বৰ প্ৰিয়পাত্ৰ আছিল। ভাষাত বৰ্ণবিন্যাসৰ নিয়ম পালন কৰি লিখা প্ৰৱন্ধ পালে তেওঁ বৰ আনন্দ পাইছিল। শিক্ষিত অসমীয়া ডেকাই অসমীয়াৰ চৰ্চ্চা নকৰিলে বা অসমীয়াত প্ৰৱন্ধাদি নিলিখিলে তেওঁ বৰ বেজাৰ কৰিছিল। আজিৰ ৰায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱাই লৰাকালত হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাবধানত লেখা-পঢ়া শিকি অসমীয়া ভাষাত কোনো ৰচনা নিলিখাত তেওঁ পেটে পেটে বৰ বেয়া পাইছিল। বহুদিনৰ পাচত “ব হ্মপুত্ৰ” নামেৰে “জোনাকী”ত প্ৰকাশিত কবিতা এটি পঢ়ি বৰ সন্তোষ লাভ কৰিছিল আৰু লিখক কনকলাল বৰুৱাক অসমীয়াত ৰাপ দেখি বৰ উৎসাহিত কৰিছিল। পানীন্দ্ৰনাথ গগৈ, ৺লম্বোদৰ বৰা, হেমচন্দ্ৰ গোস্বামী আদিৰ লিখা ৰচনাৰ ✓ বৰ প্ৰশংসা কৰিছিল। এই লিখকসকলো তেওঁৰ বৰ প্ৰিয়পান্ন আছিল। হেমচন্দ্ৰ বৰুৱাই সদাই অসমীয়া লিখাৰুসকলৰ মাজত বিচা- বিছিল “নিভাজ অসমীয়া ৰচনা আৰু বৰ্ণবিন্যাসৰ নিয়ম অলঙ্ঘন।”