পৃষ্ঠা:হেমকোষ.pdf/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৱস্থা
অশিৱ
৪৮

যেনে, ইমানতে পুথিৰ অৱসান হল; end, termination, conclusion.

অৱস্থা, স.শ. (সং. অৱস্থা, দশা -- অৱ, উপস. + স্থা, থাক্‌) দশা, গতি, থকাৰ প্ৰকাৰ, জীৱনৰ ভাব, state, condition, circumstance.

অৱস্থিত্, কৃদ.বি. (সং. অৱস্থিত, থকা -- অৱ, উপস. + স্থা, থাক্‌) স্থিত হোৱা, থকা, staying, abiding, remaining.

অৱস্থিতি, স.শ. (সং.) নিবাস - কৰণ, থাকন; যেনে, মনুষ্যৰ এই জগতত অৱস্থিতিৰ কাল অল্প, the act of abiding or living.

অৱহেলা, স.শ. (সং. অৱহেলন, অসন্মান -- অৱ, উপস. + হেড্, তুচ্ছ কৰ্) আওহেলা তুচ্ছ-বোধ, disregard, inattention.

অশকত্, বি. (অং. অ, নহয় + শকত, ডাঙ্গৰ, মোটা) গা সৰু; যেনে, অশকত খুঁটাই ঘৰ ৰাখিব নোৱাৰে, thin, not thick, slender. সমা -- অশকত, আশকত, প্ৰথমটোৱে গা সৰু মাত্ৰ বুজায়, পাচৰটো খীণাই দুৰ্বল হোৱা অৰ্থত ব্যৱহৃত হয়।

অশক্ত, বি. (সং. অশক্ত, শক্তিহীন -- অ, নহয় + শক্ত, বলী, পাৰক) শক্তি-নথকা, দুৰ্ব্বল; অপাৰক, নোৱৰা; যেনে, অমুক কোনো কামত অশক্ত নহয়, weak; unable.

অশক্ততা, গু.শ. (সং.) দুৰ্ব্বলতা; অপাৰকতা, weakness; inability.

অশৰণীয়া, বি, (অং. অ, নহয় + শৰণীয়া, শৰণ-লোৱা) শৰণ-নোলোৱা, গুৰুৰ পৰা, ঘাইকৈ কোনো সত্ৰৰ গোঁসাইৰ পৰা, হিন্দু-ধৰ্ম্মৰ উপদেশ-নোলোৱা; যেনে, অশৰণীয়া কছাৰী, not initiated into the mode of worshipping God through the medium of a gossain of a Sattra.

অশৰাধী, বি. (অং. অ, ন + শৰাধ, শ্ৰাদ্ধ) শৰাধ-নকৰা; যেনে, অশৰাধী মেলেছ; যাৰ শৰাধ কৰা নাই; মেনে, অমুকৰ বাপেক-মাক অশৰাধী হৈ আছে, not performing the shradh ceremony ; whom the shradh ceremony has not been performed to. স.শ. শৰাধ-নকৰা লোক; যি লোকৰ জলপিণ্ড দিয়া নাই; যেনে, অশৰাধীৰ শৰাধ, a person who does not perform shradh; one whose shradh has not been performed.

অশলাগ্, স.শ. (অং. অ, নাই + শলাগ, উপকাৰ-মানন) উপকাৰ-স্বীকাৰ-নকৰা বা গুণ-নোলোৱা কাৰ্য্য়, ingratitude.

অশলাগী, বি. উপকাৰ-নমনা, গুণ-নোলোৱা, ungrateful.

অশাঁত্, বি. “অশান্ত” চোৱাঁ। অশাঁতি, “অশান্তি” চোৱাঁ।

অশান্ত, বি. (সং. অশান্ত, অস্থিৰ -- অ, নহয় + শান্ত, স্থিৰ) অস্থিৰ, চঞ্চল; লৰচৰ কৰি থকা, স্থিৰে নথকা; যেনে অশান্ত লৰা, restless, unsteady, unquiet.

অশান্তি, স.শ. (সং. অশান্তি, অস্থিৰা -- অ, নাই + শান্তি, স্থিৰতা) অস্থিৰতা, শান্তিৰ অভাৱ; যেনে, শত্ৰুৱে আক্ৰমণ কৰিলে দেশত অশান্তি হয়; অস্বস্থতা, উদ্বেগ; যেনে, মনৰ অশান্তি হলে একো সুখ নেথাকে, intranquillity, want of peace; restlessness, unquietness, anxiety.

অশাশ্বত্, বি. (সং. অশাশ্বত, অচিৰস্থায়ী -- অ, নহয় + শাশ্বত, চিৰস্থায়ী) অচিৰস্থায়ী, শীঘ্ৰে নষ্ট হোৱা; যেনে, অশাশ্বত জীৱন, transient, momentary, not lasting.

অশাস্ত্ৰীয়, বি. (সং. অশাস্ত্ৰীয়, শাস্ত্ৰ-বিৰুদ্ধ -- অ, নহয় + শাস্ত্ৰীয়, শাস্ত্ৰত লিখাৰ নিচিনা) শাস্ত্ৰৰ বিৰুদ্ধ বা বিপৰীত, অবিধি; opposed to the shastras, contrary to the sacred authority.

অশিৱ, স.শ. (সং. অশিৱ, অমঙ্গল -- অ, নহয় + শিৱ, মঙ্গল) অমঙ্গল, আপদ, বিপদ (পদ্যত); যেনে, “বোলা শিৱ, শিৱ, মুহিবে অশিৱ,” misfortune, calamity.