পৃষ্ঠা:হেমকোষ.pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অপেয়
অপ্ৰীতি
৩১

অপেয়, স.শ. (সং. অপেয়, পানৰ অযোগ্য় – অ, নহয় + পেয়, পানৰ যোগ্য়) পানৰ অযোগ্য় বস্তু, a forbidden drink.

অপেশ্বৰা, অপেস্বৰী, স.শ. (সং. অপ্‌সৰস্, স্বৰ্গৰ বেশ্যা) স্বৰ্গৰ নটিনী বা নাচনী; উপদেবী, a dancing girl of Indra's Court; a nymph, a fairy.

অপেক্ষা, স.শ. (সং. অপ, উপস. + ইক্ষ্, দেখ্) বাট-চোৱা, কোনো এক কাৰ্য্য হোৱাৰ পাচত আন কাৰ্য্য কৰিবৰ নিমিত্তে ৰৈ থকা; যেনে, কৃষ্ণৰ নিমিত্তে অপেক্ষা কৰিছোঁ, waiting.

অপেক্ষা, অপেক্ষাই, আনু. অব্য. (সং. অপেক্ষা) কোনোৰে সৈতে তুলনা কৰাত; যেনে, ৰামৰ অপেক্ষাই শ্যাম ভাল, in comparison with.

অপৈণত্, বি.(সং. অপৰিণত, নপকা) পূৰঠ নোহোৱা, আপঁইতা, immature, not ripe.

অপৌৰুষেয়, বি. (সং. অপৌৰুষেয়, কোনো লোকে নকৰা -- অ, নহয় + পৌৰুষেয়, পুৰুষৰ) কোনো পুৰুষ-সম্বন্ধীয় নোহোৱা; কোনোৱে নিৰ্ম্মাণ নকৰা; যেনে, বেদ অপৌৰুষেয়, not made by any man.

অপ্ৰকাশ, বি. (সং. অপ্ৰকাশ, পোহৰ নথকা -- অ, নহয় + প্ৰকাশ, পোহৰ) পোহৰ-নথকা, এন্ধাৰ, hidden. গুপ্ত, dark, hidden.

অপ্ৰকাশিত, কৃদ. বি. গুপ্ত, এন্ধাৰ, hidden, dark. অপ্ৰচলিত্, বি. (সং. অপ্ৰচলিত, চলিত নোহোৱা -- অ, নহয় + প্ৰচলিত, চলা) চলিত নোহোৱা, চলন গুচা; যেনে, অপ্ৰচলিত শব্দ, obsolete.

অপ্ৰতিভ, বি. (সং. অপ্ৰতিভ, লজ্জিত -- অ, নাই + প্ৰতিভা, দীপ্তি) লজ্জিত, লাজ পোৱা, অপমান-পোৱা, put to shame, confounded.

অপ্ৰতিষ্ঠিত্, কৃদ. বি. (সং. অপ্ৰতিষ্ঠিত, প্ৰতিষ্ঠা নকৰা -- অ, নহয় + প্ৰতিষ্ঠিত, সংস্কৃত) সংস্কাৰ নকৰা, প্ৰতিষ্ঠিত নোহোৱা; যেনে, অপ্ৰতিষ্ঠিত মূৰ্ত্তিক পূজিব নেপায়, not consecrated.

অপ্ৰতুল্, বি. (সং. অপ্ৰতুল, নোজোৰা -- অ, নহয় + প্ৰতুল, যথেষ্ট) নোজোৰা, নটা, যিমান লাগে সিমান নোহোৱা; যেনে, ধন অপ্ৰতুল, insufficient. স.শ. অভাৱ; যেনে, অন্নৰ অপ্ৰতুল, want.

অপ্ৰমাণ্, বি. (সং. অন্ + প্ৰমাণ, যাৰ দ্বাৰা কোনো কথা নিশ্চয় হয়) সঁচা বুলি নিশ্চয় নোহোৱা, প্ৰমাণ নথকা; মিছা, unproved, false.

অপ্ৰমাদ্, বি. (সং. অপ্ৰমাদ, প্ৰমাদহীন -- অ, নাই + প্ৰমাদ, বিঘিনি) নিৰাপদ, আপদৰ পৰা মুক্ত, free from danger, safe. স.শ. আপদৰ অভাৱ, absence of danger, safety.

অপ্ৰমাদে, ক্ৰি. বি. আপদ-নোহোৱাকৈ, বিধিনি-নোহোৱাকৈ, without any danger, safely.

অপ্ৰয়াসে, ক্ৰি.বি. (সং. অপ্ৰয়াস, শ্ৰমহীন) অনায়াসে, যত্ন-নকৰাকৈ; যেনে, এই কাম অপ্ৰয়াসে হব, easily.

অপ্ৰয়োজন্, স.শ. (সং. অপ্ৰয়োজন, প্ৰয়োজনহীনতা -- অ, নাই + প্ৰয়োজন, আৱশ্য়ক) অনাৱশ্যক, আৱশ্য়কৰ অভাৱ, absence of necessity.

অপ্ৰয়োজনীয়, বি. (সং) অনাৱশ্য়কীয়, আলাগতীয়া, unnecessary.

অপ্ৰাণী, স.শ. (সং. অপ্ৰাণী, প্ৰাণহীন -- অ, নহয় + প্ৰাণী, জীয়া জন্তু জীৱ-নথকা বস্তু; যেনে, মাটি, গছ, ইত্যাদি, an inanimate thing.

অপ্ৰাপ্ত, বি. (সং. অপ্ৰাপ্ত, নোপোৱা -- অ, নহয় + প্ৰাপ্ত, পোৱা) নোপোৱা, not received or obtained.

অপ্ৰাপ্তি, স.শ. (সং.) নোপোৱা অৱস্থা, প্ৰাপ্তিৰ অভাৱ, non-receipt.

অপ্ৰিয়, বি. (সং. অপ্ৰিয়, প্ৰিয়-নোহোৱা -- অ, নহয় + প্ৰিয়, ভাল পোৱা) ভাল নোপোৱা, disliked, disagreeable.

অপ্ৰীতি, স.শ. (সং. অপ্ৰীতি, বিৰোধ