পৃষ্ঠা:হেমকোষ.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অজীণ-পাতকী
অণ্ঠকণ্ঠ
১০

পেটৰ বিকাৰ, indigestion, বি. জীণ নোযোৱা; অমিল, মিলিব নোৱৰা; যেনে, এনে অজীণ্ মানুহ দেখা নাই, not digested; quarrelsome.

অজীণ্-পাতকী, স.শ. (অং. অজীণ, ঐ + পাতকী, পাপী) দুষ্ট, দন্দুৰা মানুহ (মৌখিক), a wicked, quarrelsome person.

অজীৰ্ণ, স.শ. (সং. অৰ্জীণ, অ, ন + জীৰ্ণ, জীণ যোৱা) অজীণ, জীণ নগৈ পেটত বিকাৰ কৰা বস্তু, indigestion.

অজ্ঞ, বি. (সং. অজ্ঞ -- অ, ন + জ্ঞা, জান্) একো নজনা, আজলা, মূৰ্খ, ignorant, stupid.

অজ্ঞাতকুলশীল্, বি. (সং. অজ্ঞাত কুলশীল -- অজ্ঞাত, নজনা + কুল, জাতি + শীল, স্বভাৱ) নিচিনা-নজনা, যাৰ জাতি আৰু স্বভাৱৰ কথা জনা নেযায়, quite unknown, said of a person.

অজ্ঞান্, বি. (সং. অজ্ঞান-- অ, ন + জ্ঞান, বোধ) নিৰ্ব্বোধ, মূর্খ, একো নজনা, ভাল-বেয়াৰ বোধ-নথকা; যেনে, অজ্ঞান মানুহ বা জন্ত; বিজ্ঞান, জ্ঞান বা চেতন নথকা; যেনে, জৰত অজ্ঞান, ignorant, stupid; insensible, unconscious; irrational. স. শ. মূর্খ মানুহ, an ignorant person.

অজ্ঞানী, বি. (সং. অজ্ঞানী--অ, ন + জ্ঞানিন, জনা) একে৷ নজনা, মূর্খ, ignorant, stupid. স.শ. মূর্খ মানুহ, a stupid or ignorant person.

সমার্থ--অজ্ঞান, অজ্ঞানী, বিজ্ঞান, জ্ঞান-হীন। “অজ্ঞান” শব্দে আজলা আৰু মূছকঁছ যোৱা বা অচেতন হোৱা দুইও অর্থ বুজায়, আৰু সি মানুহ আৰু সামান্য জন্তু, দুইতো খাটে ; “অজ্ঞানী” শব্দে মূৰ্খক মাথোন বুজায়, আৰু সি জন্তুত নেখাটে; “বিজ্ঞান” শব্দে মূছকছ যোৱা অচেতন হোৱা মাথোন বুজায়; “জ্ঞান-হীন" শব্দে বোধ নথকা বা মূর্খ বুজায়, সি মানুহ আৰু ইতৰ জন্তু, দুইতে৷ খাটে।

অঞ্চল, স.শ. (সং. অঞ্চল, কাপোৰৰ আগ) কাপোৰৰ আঁচল; এতেকে দেশৰ

বা নগৰৰ কোনো এভাগ, প্রদেশ; যেনে, গুৱাহাটী অঞ্চল, the border or end of a cloth; a part of a country, province, or town.

অঞ্জন্,স.শ. (সং. অঞ্জন-- অঞ্জ, সুন্দৰ কৰ্) চকুৰ পিৰিকটিত ঘহা এবিধ কলা বস্তু, a collyrium applied to the eyelashes.

অঞ্জনা, স.শ. হনুমন্তৰ মাকৰ নাম, the mother of Hanuman.

অঞ্জনা-নন্দন, স.শ. (সং, অঞ্জনা, ঐ + নন্দন, পুত্র) হনুমন্ত, a name of Hanuman.

অঞ্জলি, স.শ. (সং, অঞ্জলি--অঞ্জ, গতি কৰ্) একেলগে গোটোৱা দুয়ো হাতৰ তলুৱাৰ ঠোলা, আজলি, a cavity formed by joining the palms of the hands together.

অটল্‌, বি. (সং. আটল -- অ, ন + টল্, অস্থিৰ হ) অলৰ, স্থিৰ, firm.

অটুট্, আটুট্ , বি. (অং. অ, ন + টুট, কম্) কম নোহোৱা, নকমা, পূৰা: যেনে, অটুট এশ টকা ললে, not deficient, full.

অটুট্কৈ, আটুট্কৈ ক্রি. বি. কম নোহোৱাকৈ,পূৰাকৈ, without deficiency, fully.

অট্টহাস্য়, স.শ. (সং. অট্টহাস্য-- অট্ট, উচ্চ + হাস্য, হাঁহি) উচ্চ বা ডাঙ্গৰ হাঁহি, violent laughter.

অঠাৱৰ্, বি. (অং. অ, ন + ঠাৱৰ, ঠিক) নিশ্চয় নোহোৱা, অঠিক, uncertain. স.শ. সন্দেহ; যেনে, অমুক অঠাৱৰত পৰিছে, doubt, dilemma.

অঠিক্, বি. (অং. অ, ন + ঠিক, নিশ্চয়) নিশ্চয় নোহোৱা, অনিশ্চিত, অঠাৱৰ, uncertain.

অঠিককৈ, ক্রি. বি. অনিশ্চয়ৰূপে, in an uncertain manner.

অণু, স.শ. (সং. অণু -- অণ, শব্দকৰ্) অতি ক্ষুদ্র বস্তু, পৰমাণু, an atom.

অণ্ঠকণ্ঠ, স.শ. (অং. অণ্ঠ, উপস + কণ্ঠ, ডিঙ্গি) জিভাৰ মূলৰ পৰা নেলীৰ সকলো ভাগ, নেলীৰ বাট; যেনে, অণ্ঠকণ্ঠ নিৰুদ্ধ হৈছে, the passage of the throat.