পৃষ্ঠা:হেমকোষ.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অছেদ-অভেদ
অজীণ

বিন্ধা) বিন্ধা নথকা; নিজগৰ, নিজগৰীয়া, not pierced; faultless.

অছেদ্-অভেদ্, বি. (সং. অছেদ্য-অভেদ্য, ছিঙ্গিব বা বিন্ধিব নোৱৰা) যাক ছিঙ্গিব বা ভাঙ্গিব নোৱাৰি, দৃঢ়, নভগা-নিছিগা; নেৰা-নেপেৰা, লালীকৈ হৈ থকা, incapable of being broken or pierced, strong, robust, incessant.

অছেদ-অভেদৰূপে, ক্ৰি.বি. নেৰা-নেপেৰাকৈ, ছেদ্-ভেদ্ নোহোৱাকৈ, লালীকৈ, incessantly.

অজ্ বি. (সং. অজ্ঞ, নজনা) একো নজনা, মূৰ্খ, stupid, ignorant.

অজগৰ, অজ্গৰ্ স.শ. (সং. অজগৰ-- অজ, ছাগ + গৰ, গিলা) ঢেঁকী-সাপ, এবিধ বৰ ডাঙ্গৰ সাপ, the boa constrictor, or python.

অজগৌ, অজ্গৌ বি. (অং. অজ্, নজনা-- গৌ, গৰু) একো নজনা, জধা মূৰ্খ; stupid, ignorant. স.শ. একো নজনা মানুহ, a stupid person.

অজ-মূৰ্খ বি. (সং. অজ্, নোপজা + মূৰ্খ, অজ্ঞ; যাৰ নিচিনা মূৰ্খ ওপজা নাই) মহা মূৰ্খ; নিচেই একো নজনা (নিন্দাত), quite ignorant.

অজয়্ বি. (সং. অজয়--অ, ন + জয়, জিকা) যাক জিকিব নোৱাৰি, পৰাস্ত কৰিব নোৱৰা, invincible. স.শ. জয়ৰ অভাৱ, পৰাভৱ, defeat.

অজৰ্ বি. (সং, অজৰ-- অ, ন + জৰা, বুঢ়া কাল) বুঢ়া-নোহোৱা, সদায় ডেকা হৈ থকা, not subject to the infirmities of old age. স.শ. কেতিয়াও বুঢ়া নোহোৱা লোক, a person not subject to ditto.

অজৰ্-অমৰ্ বি. (সং. অজৰ-অমৰ -- অ, ন + জৰা, বুঢ়া কাল + অ, ন + মৃ, মৰ্) বুঢ়া-নোহোৱা আৰু নমৰা, not subject to the infirmities of old age and death.

অজস্ৰে ক্ৰি.বি. (সং. অজস্ৰ, সদায়) সদায়, ছেদ-ভেদ নোহোৱাকৈ; যেনে, এই কেই দিন অজস্ৰে বৰষুণ হৈছে; অনায়াসে, আপোনা আপুনি, পৰিশ্ৰম-নকৰাকৈ; যেনে, সেই বস্তু অজস্ৰে পাম, incessantly; without seeking, easily.

অজাত্, বি. (সং. অজাত -- অ, ন+ জাত, জন্মা) যাৰ জন্ম হোৱা নাই, নোপজা, unborn.

অজাতৰীয়া, বি. (অং. অ, ন + জাত, কুল) জাতি নথকা, জাতি-এৰা, পতিত; এতেকে পূৰ্ব্বপুৰুষত্কৈ বা মূলতকৈ গুণহীন হোৱা; যেনে, অসম দেশৰ গৰুবোৰ ক্ৰমে অজাতৰীয়া হৈ গৈছে, degraded in caste; degenerated.

অজাতি, স.শ. (সং. অ, ন + জাতি, কুল) জাতি নথকা মানুহ; হীন জাতিৰ মানুহ; যেনে, অজাতিৰ ভাত খালে জাতি যায়; a person having no caste, a person of an inferior caste.

অজাত্-শত্ৰু, স.শ. (সং. অজাত, নোপজা + শত্ৰু, অহিত) নোহোৱা-নোপজা শত্ৰু, বৰ শত্ৰু, an inveterate enemy.

অজান্, বি. (অং. অ, ন + জান্, বুজ) অজ্ঞান, নজনা; যেনে, অজান জন্তু; বোধ নথকা, বিবেচনাহীন; "দিন হলে ৰাতি হয়, অজান ফকিৰেও কয়," irrational, having no reason; ignorant, stupid.

অজামিল্, স.শ. আগৰ ফালৰ এটা মহা পাপী বামুনৰ নাম; এতেকে জাতি কুলৰ বিচাৰ নকৰা মহাপাপী মানুহ; যেনে, ই অজামিল, the name of a vicious and degraded Brahmin of old, hence a vicious person who has lost his caste and character.

অজিজ্ঞাসী, বি. (সং. অজিজ্ঞাসিন্ -- অ, ন + জিজ্ঞাসিন্, বিবেচক) যি একো বিচাৰ নকৰে, অবিবেচক, rash, inconsiderate.

অজীণ্, স.শ. (সং. অজীৰ্ণ, জীণ নোহোৱা) পেটত জীণ নোযোৱাকৈ থকা বস্তু, পেটৰ বিকাৰ, indigestion, বি. জীণ নোযোৱা; অমিল, মিলিব নোৱৰা; যেনে, এনে অজীণ্ মানুহ দেখা নাই, not digested; quarrelsome.