পৃষ্ঠা:হেমকোষ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অগ্নিকোণ
অঘাইত

অগ্নি, জুই+কুণ্ড, গাঁত) জুই-ধৰা গাঁত, জুহাল; সদায় জুই জ্বলি থকা এক নৰক, a fire pit; a part of hell.

অগ্নিকোণ্, স.শ. (সং. অগ্নিকোণ, আঠ দিশৰ এক দিশ — অগ্নি, অগ্নিদেৱতা + কোণ, চুক, অগ্নিদেৱতা তাৰ অধিকাৰ, এতেকে) পূব আৰু দক্ষিণৰ মাজৰ চুক, the south-eastern point of the compass.

অগ্নিক্ৰীড়া, স.শ. (সং. অগ্নিক্ৰীড়া, জুই জলাই কৰা ধেমালি-- অগ্নি, জুই + ক্ৰীড়া, ধেমালি) গন্ধক-আদিৰে যুগুত কৰা বস্তুত জুই লগাই কৰা ধেমালি, fire-works.

অগ্নিপৰীক্ষা, 'পৰীক্ষা' চোৱা, See পৰীক্ষা

অগ্নিময়, বি. (সং. অগ্নিময়-অগ্নিস্বৰূপ--অগ্নি, জুই + ময়, তুল্য) জুইৰ নিচিনা, জুই যেন; বৰ খঙ্গাল; যেনে, ডাঙ্গৰীয়া অগ্নিময় হৈছে, বৰ জলা; যেনে, আঞ্জাখান অগ্নিময় হৈছে; অগ্নিৰে ব্যাপ্ত; যেনে, নগৰ-খান অগ্নিময় হল, fiery; very hot; very angry; very pungent; full of fire.

অগ্নিশিখা, স.শ. (সং. অগ্নিশিখা, জুইৰ আগ --অগ্নি, জুই + শিখা, আগ) জুইৰ আগ, a flame of fire.

অগ্ৰ, স.শ. (সং. অগ্ৰ, আগ-- অগ, গতি কৰ্) আগ, মুখৰ ফাল; মূৰ, ওপৰৰ ভাগ, front; top.

অগ্ৰগণি, বি. (সং. অগ্ৰগণ্য, প্ৰধান) কোনো এক শ্ৰেণীৰ বা ব্যৱসায়ৰ মানুহবিলাকৰ ভিতৰত আনত্কৈ ডাঙ্গৰ বা প্ৰধান; যেনে, অগ্ৰগণি পণ্ডিত, অগ্ৰগণি চোৰ, the best, the greatest. স.শ. কোনো এক শ্ৰেণীৰ বা ব্যৱসায়ৰ মানুহ বিলাকৰ আনত্কৈ প্ৰধান বা ডাঙ্গৰ লোক; যেনে, পণ্ডিতৰ অগ্ৰগণি, চোৰৰ অগ্ৰগণি, মূৰ্খৰ অগ্ৰগণি, a person of the front rank amongst those of his class or profession.

অগ্ৰগণ্য, বি. স.শ.(সং. অগ্ৰগণ্য, প্ৰধান-- অগ্ৰ, আগ + গণ্য, গণনাৰ যোগ্য) 'অগ্ৰগণি' চোৱা; See 'অগ্ৰগণি';

অগ্ৰগামী, বি. (সং. অগ্ৰগামিন্, আগত যোৱা -- অগ্ৰ, আগ + গামিন, যোৱা -- গম্, গতি কৰ্) আগত যোৱা বা আগেয়ে গমন-কৰা; যেনে, অগ্ৰগামী দূত, preceding, going before; preceding or moving in front of.

অগ্ৰবৰ্ত্তী, বি. (সং. অগ্ৰৱৰ্ত্তিন্, মুখ্য-অগ্ৰ, আগ + ৱৰ্ত্তিন্, থকা--বৃত, থাক্) আনৰ আগৰ, মুখ্য, শ্ৰেষ্ঠ; যেনে, অগ্ৰবৰ্ত্তী পণ্ডিত, chief, best, of the front rank,

অগ্ৰসৰ্, বি. (সং. অগ্ৰসৰ, আগেয়ে যোৱা-- অগ্ৰ, আগ + সৃ, গতি কৰ্) অগ্ৰগামী, আগ বাঢ়ি যোৱা, আগেয়ে যোৱা, preceding, going before.

অগ্ৰহায়ণ্, স.শ. (সং. অগ্ৰহায়ণ, আঘণ-- অগ্ৰ, আগ + হায়ণ, বছৰ; পূৰ্ব্ব কালত সি বছৰৰ প্ৰথম মাহ আছিল) অষ্টম মাহ, আঘণ, November-December.

অগ্ৰাহ্য়, বি. (সং. অগ্ৰাহ্য়, গ্ৰহণৰ অযোগ্য -- অ, ন + গ্ৰাহ্য়, গ্ৰহণৰ যোগ্য়-- গ্ৰহ্, ল) লবৰ বা বিশ্বাসৰ অযোগ্য; যেনে, খঙ্গেৰে কৰা দান অগ্ৰাহ্য়; প্ৰমাণ নথকা কথা অগ্ৰাহ্য়, not fit to be accepted or believed.

অঘন্, বি. (সং. অঘন, তনু-- অ, ন + ঘন, ডাঠ) পাতল, তনু, thin, not dense or thick.

অঘৰী, স.শ. (অং. অ, নাই + ঘৰ, গৃহ) স্থিতাপি ঘৰ নথকা মানুহ; একে ঠাইতে স্থিতাপি হৈ নথকা এজাতি মানুহ, a person having no fixed residence; a nomadic tribe, a gipsy.

অঘাট্, স.শ. (অং. অ, নহয় + ঘাট, নৈ আদিত মানুহ উঠা-নমা বা গা-ধোৱা ঠাই) ঘাটত্কৈ আন ঠাই, বেয়া ঘাট; যেনে, অঘাটত নাও নেৰাখিবি, a place other than ghát, or a landing or bathing place.

অঘাইত্, বি. মহা, বৰ, ডাঙ্গৰ (সদায়

বেয়া ভাবত); যেনে, অঘাইত চোৰ,