পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শিশু সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নীলিমা বৰাৰ প্ৰকাশিত দুকুৰি খনতকৈও অধিক গ্ৰন্থৰ ডেৰকুৰি খনতকৈও অধিক শিশু গ্ৰন্থ। শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ বিষয় সম্বলিত – কিন্তু শিশুৰ মনোগ্ৰাহীকৈ সৰস আৰু অনুপম লেখনিৰে শিশুপুথি ৰচনা কৰাত নীলিমা বৰাক সিদ্ধহস্ত বুলিব পাৰি। শিশুৰ মনৰ বিস্ময় আৰু মনোৰম জগতখনিত প্ৰৱেশ কৰা অতি কঠিন তাতোকৈ কঠিন শিশুৰ মনঃস্বত্ত্ব অধ্যয়ন কৰি মানসিকভাৱে নিজকে শিশু শাৰীলৈ নমাই নি তেওঁলোকৰ ভাৱ আৰু ভাষাৰে সাহিত্য সৃষ্টি কৰাতো। তেৰখনি শিশুগ্ৰন্থকলৈ তেওঁৰ একৈশখন গ্ৰন্থ ৰাজ্যিক ভিত্তিত সৰ্বশ্ৰেষ্ঠ হৈ পুৰস্কৃত। বাংলা ভাষালৈও তেওঁৰ কেইবাখনি শিশুপুথি অনুবাদ হৈছে। বাংলা সাহিত্যগোষ্ঠী ‘পইঠা’ই শিশু সাহিত্য কৰ্মৰ বাবে নীলিমা বৰাক ‘দিলীপ কুমাৰ চন্দ’ বঁটাৰে সন্মানিত কৰিছে।

 শিশু সকলক আমোদ দিবলৈ লিখা ‘হেবাং বেঙৰ আং বাং’ কবিতা পুথিখনিয়ে ডাঙৰকো আমোদ দিব পাৰিব। তেওঁলৈ শুভকামনা আৰু আশীৰ্বাদ থাকিল৷

মীৰা ঠাকুৰ