পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেঁ-কো টে-টো কেঁ-কো টে-টো
ভেকোলাই জুৰিলে গীত
সেই গীতে সকলো ভেকুলীৰ
উতলা কৰিলে চিত।
সৱে গালে সুৰ মিলাই
তালফাল লাগিল
সেই সুৰত মেঘ দেৱতাৰ
কেঁচা টোপনি ভাগিল।
এপালি দিবলৈ বৰষুণ হই
আহিল দপ্‌দপাই
তাকে দেখি হায় গোটেই মখাই
দিলে লৰ ভিৰাই৷

২০