পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিগনিৰ ন-ঘৈনী

নিগনি গ’ল পূজা চাবলৈ
 ন-ঘৈণীক লই
পূজা চালে ৰঙমনে
 হাতত ধৰাধৰিকই।
গোঁসানীৰ কাষত খোৱাবোৰ দেখি
 বৰ লোভ লাগিল;
গোঁসানীৰ পিছতে ঠাই অকণ চাই
 দুয়ো লুকাই থাকিল।
মজা কৰি দুয়ো বহি
 খালে দিনে নিশাই
দশমী আহিল যাব লাগে
 নিগনিয়ে দিলে ৰায়।
ঘৈনীয়ে ক'লে কি কৱ
 কিয় মই যাম
গোঁসানীৰ লগতে থাকি
 বহি বহি খাম
নিগনীয়ে বুজালে পানীত
 গোঁসানীক ডুবাই দিব
ভাবিছনে বাৰু তেতিয়া
 তোৰ কি বিলাই হব।

১৭