পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেৰ্কেটুৱাৰ জীয়েক

কেৰ্কেটুৱাজনীয়ে কেক্‌কেক্‌ কৰি
 ল’ছোৱালী জাকক ক’লে
ব’লহঁক তঁহতক কানিমুনি পৰত
 লৈ যাম পূজা চাব’লৈ।
কণমানি জনীয়ে মাকক ক'লে
 ক’ছোন আই, পূজা মানে কি?
মাকে ক’লে ভেঁকাহি মাৰি
 একোকে নেজ়ান, তই আঁকৰী?
গোঁসানীৰ আগত আগলি পাতত
 গোট গোট কল, বুটৰ দ’ম
পাচিয়ে পাচিয়ে উপচি থাকে
 অ’ত বস্তু তোক কিনো কম!
কণমানিয়ে ক’লে, কিনো কৱ আই
 কিয় লাগে বুট কল মোক?
‘চক’বাইট’ ‘চকলেট’ এইবোৰহে ভাল
 কিমান নো বুজাম তোক।
মাকে ক’লে বৰ বৰ কথা
 লোকক দেখি নকবি
পৰক দেখি চখত পৰি
 হাবু ডুবু খাবি।

১৩