পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিকা ৰজা

কাহানিবাতে আহি
চিকা এটিয়ে
 নিগনি জাকক ক’লে
শুন, নিগনিহঁত
তহঁতক চাবলৈ
 গোঁসায়ে মোক পঠালে।
আজিৰ পৰা
তহঁতৰ ৰজা
 তহঁতক মই চাম
যি পাৰ দিবি
বিচাৰি আনি
 মই বহি বহি খাম।
সেইদিন ধৰি
ধূৰ্ত চিকাৰ
 সুখৰ উপৰি সুখ
আনৰ ভাগৰ
কাঢ়ি কাঢ়ি খায়
 নদেখে আনৰ দুখ।
খাব লই
নাপালে একো
 ঢেঁটুত চেপি ধৰে
গোটে গোটে
খাই থম বুলি
 ভয় খুৱাই মাৰে।

১০