পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতে নেমেলিবি ফুলো নিচিঙিবি
 ক'ৰে বাটৰুৱা তই
মানুহৰ মৰমত কেৰোণ ধৰিলে
 ফুলিছো বনফুল হৈ।
চিকুনকৈ পথাৰখন লখিমী ধাননি
 লুইতৰ বুকুতে খহে
বৰঘৰ শুৱনী গাভৰু ছোৱালী
 পিতনিৰ তলতে জহে।
ওখকৈ সাজিলে পকীৰে বঙলা
 পদুলিত হাচ্‌নাহানা
আকাশত উৰালে যশস্যৰ পতাকা
 হিয়াৰে পেটাৰী শুদা।
কাৰে-বৰ পুখুৰীত, কনীবিহঁ দিছিলো
 থোৰতে মোহাৰি থলে
বুকুৰে কথাটি কবলৈ নেপালো
 আশাটি লগতে গলে।

ফেব্ৰুৱাৰী, ১৯৭০ চন।

(৭)

তোমাক নমস্কাৰ, তোমাক নমস্কাৰ
প্ৰেমৰঞ্জিত হে নীল পতাকা
যুগৰ সপোন য'ত আছে অঁকা
মুক্তবায়ুত দীপ্ত গৰৱে প্ৰকাশে মহিমা যাৰ
তোমাক নমস্কাৰ......।

তোমাৰ উদাৰ ছায়াতে এদিন
সুপ্ত প্ৰকৃতি জাগ্ৰত হ'ল
কত জীয়ৰীয়ে সেৱাৰে ত্যাগেৰে
গাঁথে মাতৃৰ মুক্তিহাৰ
তোমাক নমস্কাৰ......

॥হৃদয়ৰ অৰণ্যত॥ ৬১