পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেকাৰ ঢোলৰ মাৰিত কালিকা চৰিল
গাভৰুৰ খামুচীয়া ককাঁলত দেওধনি লাগিল
টকা-পেপা-গগনাৰে চৌদিশ ৰজনজনাই গল।
আঁহতৰ তলি মিলনৰ থলী
জীৱন-যৌৱন একাকাৰ কৰি পীৰিতিৰ ঢল নামে।

এপ্ৰিল, ১৯৮৯ চন।

৷৷ হৃদয়ৰ অৰণ্যত ৷৷ ৫৪