পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অশ্ৰুমতী

মোৰ দুনয়ন অশ্ৰুসজল দেখিছা?
মুক্ত কৱৰী বন্ধা নাই কিয় সুধিছা?
সকলো থাকিও চিৰবঞ্চিতা
পুত্ৰৱতী হৈয়ো পৰলাঞ্চিতা
সেই মাতৃয়ে হৃদয় কিহেৰে জুৰাব কোৱা।
মোৰ দুৱাৰত এদিন আছিল শত্ৰু কম্পমান
বীৰ পুত্ৰই স্বজন বধিও ৰাখি গল মোৰ মান।
আজি বনৰ বৰাই ভেটী খান্দিলেও খেদিবলে কেওঁ নাই।
নিৰূপায় মোৰ পুত্ৰসকলে কৰে মাথো হায় হায়।
কমলাকান্ত অম্বিকাগিৰি আগ্নেয়গিৰি নুমাই গল
অগ্নিমন্ত্ৰে মৃত ভাতৃক জগাবলৈ কোনো নোহোৱা হ'ল।
আত্মসুখত মত্ত সকলো দুৱাৰ ডাংদি শোৱে
ভাইৰ দুৰ্যোগ, আইৰ কান্দোনে কাৰ অন্তৰ চোৱে?
মাটিৰ কাৰণে ভায়ে ভায়ে যুজে সীমাত বগৰী জেং
নাই বুজা-বুজি নাই এৰা-ধৰা মাথোন ফোপোলা ভেম।
মোৰ ভৰালৰ আটকীয়া ধান বেৰ জলঙাৰে খহে
কত খোজনীয়া বহে পীৰা পাৰি কাৰনো বুকুয়ে সহে?
নদন বদন মোৰ বাৰীখন ছানি ধৰে ৰঘুমলা
ঘৰ বিভীষণে সাৰ-পানী ঢালি কৰে মোক জ্বলা কলা
পনীয়া সোনৰ গলপতাধাৰি তাতেহে জ্ঞাতিৰ চকু
মোৰ সন্তান নেখাই মৰিলে কাৰো তো নদহে বুকু।
মোৰ চকুলোৰে বয় ব্ৰহ্মপুত্ৰ সোনালী পথাৰ ধুই
মিছা আশ্বাসৰ মথাউৰি বান্ধ বছৰি খহাই থৈ-।